logo

মৰাণত গুণদা বালা বৰা শিশু সাহিত্য বঁটা ২০২৩ প্রদান


মৰাণ, ১ এপ্ৰিল :৩১ মাৰ্চ ২০২৪ তাৰিখে মৰাণৰ শিশু প্ৰতিভা বিকাশ অনুষ্ঠান মৌকোঁহৰ উদ্যোগত বিশিষ্ট সমাজসেৱিকা, ধৰ্মপ্ৰাণা মহিলা ,গুণদাবালা বৰা সোঁৱৰণী চলন্ত শিশু সাহিত্য বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হয়।এই উপলক্ষে মৰাণৰ মন্দাকিনী হোটেলৰ সভাকক্ষত বিশিষ্ট সাহিত্যিক, সাংস্কৃতিক সাধক তথা প্ৰাক্তন অধ্যক্ষ ড° অনিল শ‍ইকীয়াৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে প্রয়াত গুণদা বালা বৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট লেখক ডাঃ নিৰঞ্জন দাসে। মৰাণৰ 'ৰং এণ্ড ৰিদম'ৰ ছাত্ৰ -ছাত্ৰীসকলে পৰিবেশন কৰা সমবেত সংগীতে শুভাৰম্ভ কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মৌকোঁহৰ সম্পাদক সুনীল গগৈয়ে। মৌকোঁহৰ সভাপতি ডাঃ লোহিত কুমাৰ বৰাই আদৰণি ভাষণ আগবঢ়োৱা সভাখনত চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি নিৰঞ্জন ফুকন, মৰাণৰ জ্যেষ্ঠ সাংবাদিক বাছা বৰা, শোভিত কুমাৰ ছেত্ৰী আৰু ত্ৰৈলোক্য চেতিয়াই বিশিষ্ট অতিথিৰূপে ভাগ লয়। উল্লেখ্য যে অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা বহুকেইগৰাকী সাহিত্যিক তথা বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত বোকাখাতৰ শিখামণি গগৈয়ে ‘অৰণ্যৰোদন' নামৰ গ্ৰন্থখনত বঁটা লাভ কৰিবলৈ সক্ষম হয়। সভাত শিখামণি গগৈক বঁটা প্ৰদান কৰে বৰেণ্য সাহিত্যিক ইলা বৰগোহাঁয়ে। বঁটাত নগদ ১০ হেজাৰ টকা লগতে স্মাৰক মানপত্ৰ, কিতাপৰ টোপোলা প্ৰদান কৰা হয়। স্মৰ্তব্য যে প্ৰয়াত গুণদা বালা বৰা বিশিষ্ট সাহিত্যিক ডাঃ লোহিত কুমাৰ বৰাৰ মাতৃ। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই গিৰিণ চেতিয়াই।

11
2263 views